Class 10 Assamese Chapter 3: প্ৰশস্তি

Class 10 Assamese Chapter 3: প্ৰশস্তি

প্ৰশস্তি
ৰঘুনাথ চৌধাৰী

অসমীয়া সাহিত্য চয়নিকা

শব্দার্থ আৰু টোকাঃ
অন্তৰীক্ষ ঃ আকাশ ; যাক পৃথিৱী আৰু সূৰ্যৰ মাজত দেখা যায় ।
ঊষা ঃ সূর্য
ঋত্বিক ঃ ঋতুযাজক , পুৰােহিত ।
কালৰাত্রি ঃ আন্ধাৰ ৰাতি ।
কিশলয় ঃ কুঁহিপাত , গজালি , কোঁহ ।
কীচক বেণু ঃ কীচক বাঁহ , সেই বাঁহৰ বাদ্যৰ শব্দ ।
কুঙ্কুম ঃ প্রসাধন সামগ্রী বিশেষ ।
কুসুম ঃ ফুল ।
ক্লেদ ঃ গেলা মলযুক্ত পানী ।
চামৰ ঃ চোৱৰ , কুঁৱৰী পহুৰ নেজৰ মুঠা ।
চিত্তহাৰী ঃ মন – প্রাণ হৰি নিয়া ।
তন্ত্ৰালস ঃ শ্রান্ত ক্লান্ত , টোপনি যােৱা অৱস্থা ।
তেজি ঃ ত্যাগ কৰি ।
তান ঃ সুৰ , ৰাগ ।
দীর্ণ ঃ ভাগি – ছিগি যােৱা , বিদাৰিত ।
পৰিমল ঃ সুগন্ধ ।
পুঞ্জীভূত ঃ সঞ্চিত ।
ফুল্ল ঃ ফুলি উঠা , পাহি মেলা ফুল ।
বসুধা ঃ পৃথিৱী ; বসুমতী ।
বিহঙ্গ ঃ চৰাই ; পক্ষী ।
মহামহিম ঃ অতিশয় গৌৰৱান্বিত , বৰ মান্য , খ্যাতিমন্ত ।
ৰঞ্জিলে ঃ ৰঙীণ কৰিলে , পােহৰ কৰিলে ।

ভাব – বিষয়কঃ

 । অতি চমু উত্তৰ দিয়া ।
( ক ) ৰঘুনাথ চৌধাৰীক কি কবি বুলি জনা যায় ?
উত্তৰঃ ৰঘুনাথ চৌধাৰীক বহাগীৰ (বিহগী) কবি বুলি জনা যায়।

( খ ) ৰঘুনাথ চৌধাৰীৰ কবিতা-পুথি দুখনৰ নাম লিখা ।
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ কবিতা পুথি দুখনৰ নাম হল –
সদৰী আৰু নৱমল্লিকা।
( গ ) প্রকৃতিক কোনে সাদৰি আনিলে বুলি কবিয়ে কৈছে ?
উত্তৰঃ প্ৰকৃতিক নতুন কুঁহিপাতবোৰে সদৰি আনিলে বুলি কবিয়ে কৈছে।

( ঘ ) মন্দিৰৰ উপেক্ষিত কি ফুলে প্রেম পৰিমল যচা বুলি কবিয়ে কৈছে ?
উত্তৰঃ মন্দিৰৰ উপেক্ষিত ৰবাব ফুলেও প্ৰেম পৰিমল যচা বুলি কবিয়ে কৈছে।

( ঙ ) জল , স্থল আৰু ক ‘ ত দেৱতাৰ মহা অভিযান চলিছে ?
উত্তৰঃ জল, স্থল আৰু অন্তৰীক্ষ বা মহাকাশত দেৱতাৰ মহা অভিযান চলিছে।

( চ ) মহামহিমৰ গান কিহে গায় বুলি কবিয়ে কৈছে ?
উত্তৰঃ কীচক বেণুৱেও মহামহিমৰ গান গায় বুলি কবিয়ে কৈছে।

২ । কবিতাটোত কবিয়ে প্রকৃতিৰ কি কি বস্তু টানি আনিছে লিখা ।
উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ বিভিন্ন বস্তু টানি আনিছে। সেইবোৰ হল – উষা, কিশলয়, চামৰ, কুসুম, ৰবাব, অন্তৰীক্ষ, কীচক বেণু আৰু বিহংগ।

৩ । কবিতাটোত কবিয়ে কিয় আৰু কাৰ প্রশস্তি কৰিছে ?
উত্তৰঃ কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজেৰে সুন্দৰৰ প্ৰশস্তি গাইছে। প্ৰকৃতিৰ সৌন্দৰ্য্যৰ মাজত কবিয়ে চিৰসুন্দৰৰ অৰ্থাৎ কেতিয়াও নেদেখাজনৰ অস্তিত্ব উপলব্ধি কৰা কথা কৈছে। সেয়েহে সেই চিৰসুন্দৰৰ প্ৰশস্তি কৰিছে যাতে সকলোৱে বুজিব পাৰে আৰু পৰম মুক্তিৰ বাট বিচাৰিব পাৰে।

৪ । কবিতাটোত প্ৰকৃতিৰ সুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা ।
উত্তৰঃ প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ অপূৰ্ব সুন্দৰ ৰূপৰ কথা কবিয়ে বৰ্ণনা কৰিছে। পুৱাৰ সূৰুযে দশোদিশ পোহৰাই পৃথিৱীখনক উদ্ভাসিত কৰি তুলিছে। পৃথিৱীখন ন- পাতেৰে, ফুলেৰে জাতিস্কাৰ হৈ পৰিছে। বনৰ চৰাই, গছ – লতিকা আদিয়ে সুমধুৰ ছন্দৰে যেন কেৱল সৌন্দৰ্য্য সৃষ্টি কৰা নাই, সন্ধান কৰি উলিয়াইছে চিৰসুন্দৰৰ। মাটি, পানী, বায়ু আদি সকলোবোৰে যেন বিয়পিছে কেৱল সুন্দৰৰ আৰাধনা। কৰবাত বাজি উঠিছে আকৌ কীচক বাহেঁৰে তৈয়াৰী বাঁহীৰ সুৰ, সি যেন কঢ়িয়াই আনিছে চিৰসুন্দৰৰ কথা। কবিয়ে খোজে প্ৰতি উপলব্ধি কৰিছে সুন্দৰৰ স্থিতি আৰু পকৃতি।

৫ । প্রশস্তি কবিতাটোৰ মূলভাৱ লিখা ।
উত্তৰঃ প্ৰশস্তি' কবিতাটোত কবিয়ে প্ৰকৃতিৰ সৌন্দৰ্য্যৰ বৰ্ণনাৰ মাজেৰে সুন্দৰৰ আৰাধনা কৰিছে। প্ৰশস্তিৰ অৰ্থ হৈছে আৰাধনা বা গুণানুকীৰ্তন কৰা। বেলিৰ পোহৰে পোহৰাই তোলা পৃথিৱীত গছে বনে প্ৰকৃতিক ন সাজেৰে সজাই তুলিছে। বনৰ চৰাইৰ সুললিত কণ্ঠই সমস্ত প্ৰকৃতিত গুঞ্জন তুলিছে যত কবিয়ে অনুভৱ কৰিছে চিৰসুন্দৰৰ উপস্থিতি। বায়ু, পানী, মাটি সকলোৱে যেন বিয়পি পৰিছে সুন্দৰৰ স্থিতি। যেন সকলোৱে বিচাৰি ফুৰিছে পৰম সত্তাক। কবিয়ে এনে সময়তঅমৃতৰ সন্তান’ সম্বোধনেৰে মানুহক মুক্তিৰ বাট বিচাৰিবলৈ কৈছে। কালৰাত্ৰিৰ পিছত যিয়ে মুক্তিৰ বাট দেখাব পাৰে সেয়া চিৰসুন্দৰ। যিদৰে আন্ধাৰৰ পিছত পোহৰ দিয়ে সূৰ্য্যই। কৰবাৰ পৰা ভাহি আহিছে কীচক বেণুৰ সুৰ যি সুৰত কবিয়ে শুনিবলৈ পাইছে নেদেখাজনৰ আবাহান। সেই আবাহনী সুৰ যি সুৰ অন্তঃ কৰণেৰে উপলব্ধি কৰিবলৈ আৰু ভক্তবৃদ্ধক মোহ – মায়া ত্যাগ কৰি ধ্যানময় হবলৈ কবিয়ে কৈছে।

৬ । উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র , |
উঠা যত মুক্তি পথযাত্রী ।
–কবিয়ে কিয় এনেদৰে আহ্বান জনাইছে বুজাই লিখা ।

উত্তৰঃ কবিয়ে কবিতাফাঁকিৰ জৰিয়তে মানৱ জীৱন দুদিনীয়া বুলি কৈছে। এই ক্ষণস্থায়ী জীৱনত মানুহে নানা দুখ – যন্তণাত জৰ্জৰি হয়। তেনে সময়ক কবিয়ে আন্ধাৰৰ লগত তুলনা কৰিছে। আন্ধাৰে যিদৰে অৱসাদ কঢ়িয়াই, তেনেদৰে বেয়া সময়েও মানুহক ভাগৰুৱা কৰি তোলে। এই পৃথিৱীত আন্ধাৰ নাশ কৰিবলৈ নিদিষ্ট সময়ৰ মূৰত সুৰুজৰ আগমন ঘটে। মানৱ জীৱনত আন্ধাৰ নাশ কৰিবৰ বাবে চিৰমুক্তিৰ প্ৰয়োজন। মানুহে মায়া – মোহত বন্দী হৈ পাহৰি থাকে যে চিৰমুক্ত অৱশ্যম্ভাৱী। কবিতাটোত কবিয়ে প্ৰকৃতিৰ সুন্দৰ ৰূপৰ মাজেৰে প্ৰকৃতি জগতৰ সকলোৰে ধ্যান সুৰুজৰ প্ৰতি অৰ্থাৎ আন্ধাৰবিনাশী শক্তি বুলি অনুভব কৰিছে। সকলোয়ে যেন সেই শক্তিক ধ্যান কৰিছে। মানৱক চিৰমুক্তি দিব পাৰে কেৱল ভগবানে বা স্ৰজনকৰ্তাই। বায়ু, পানী, মাটি এই সকলোবোৰ যেন সেই চিৰসুন্দৰৰ ধ্যানতেই নিমগ্ন।

৭ । সুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ কবিয়ে ভক্তবৃন্দক কিয় আহ্বান জনাইছে বুজাই লিখা ।
উত্তৰঃ ‘প্ৰশস্তি’ কবিতাটোত কবিয়ে মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ আৰাধনা কৰিছে। মানৱ জীৱন দুদিনীয়া। নিদিষ্ট সময়ৰ বাবে মানুহ পৃথিৱীলৈ আহে। এই সময়ছোৱাত মানুহৰ জাগতিক মায়া – মোহত এনেদৰে বন্ধা খাই থাকে যেন জীৱনৰ অন্যকথা পাহৰি যায়। কবিতাটোৰ মাজেৰে কবিয়ে কব বিচাৰিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে বিয়াই থাকে। এই সকলোবোৰৰ মূলতে সৃষ্টিকৰ্তাহে। সৃষ্টিকৰ্তাৰ অবিহনে সুন্দৰৰ ৰূপ প্ৰাপ্তিও সম্ভৱ নহয়। মানৱ জীৱন দুদিনীয়া মায়া – মোহত বন্দী হৈ এই চিৰমুক্তি পথৰ কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তিয়ে মানুহৰ ধ্যান। সেয়েহে এই কথা কেতিয়াও নাপাহৰি, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজেৰে চিৰসুন্দৰৰ ধ্যান কৰা উচিত। মানুহকঅমৃতৰ পুত্ৰ’ সম্বোধনেৰে কবিয়ে সেয়ে চিৰসুন্দৰৰ ৰূপ ধ্যান কৰিবলৈ আহ্বান জনাইছে।

৮ । ব্যাখ্যা কৰাঃ

( ক ) উঠে তৰু শিৰে শিৰে বন বিহঙ্গৰ ।
ছন্দভৰা সুমধুৰ তান ,
জল স্থল অন্তৰীক্ষ সকলােতে যেন |
দেৱতাৰ মহা অভিযান ।

উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে প্ৰকৃতিৰ বিভিন্ন উপাদানৰ মাজত চিৰসুন্দৰৰ সন্ধান চলা কথা স্পষ্টকৈ কব বিচাৰিছে।
বাখ্যাঃ সূৰ্য্য উদয় হোৱাৰ লগে লগে প্ৰকৃতিজগতখন আলোকিত হৈ পৰে আৰু পৃথিৱীখনে যেন ন ৰূপ লয়। গছৰ ডালত বহি বনৰ বিভিন্ন চৰায়ে সুললিত সুৰেৰে গীত জুৰে। এনে ক্ষণত চৌদিশে যেন কবিয়ে অন্য এক নতুন সুৰহে শুনিবলৈ পাই। কবিৰ এনে লাগে যেন মাটিয়ে – পানীয়ে, আকাশে – বতাহে, গছে – বনে ধ্বনিত হৈছে চিৰসুন্দৰৰ আৱহনী গীত। জগতৰ প্ৰতিটো উপাদানে যেন চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে দেৱত্বৰ সন্ধান পাইছে। ৰাতিৰ আন্ধাৰ ভেদ কৰি নামি অহা আলোকে সৃষ্টি কৰিছে এনে এটা সুন্দৰ পৰিবেশৰ। যত মুক্তিপথৰ যাত্ৰী মানুহে বিচাৰি পাব পাৰে চিৰসুন্দৰৰ।

( খ ) কৰি দীৰ্ণ জৰাজীর্ণ পুঞ্জীভূত ক্লেদ |
শেষ হ’ল মহা কালৰাত্রি ,
উঠা হে ঋত্বিক ধ্যানী অমৃতৰ পুত্র
উঠা যত মুক্তি পথযাত্রী ।

উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহক কালৰাত্ৰিৰ শেষত চিৰমুক্তিৰ বাবে সন্ধান কৰিবলৈ কৈছে।
বাখ্যাঃ এই পৃথিৱীখনৰ সকলো আৱৰ্জনা, প্ৰদূষিত উপাদানবোৰ আঁতৰাই সূৰ্য্যই পৃথিৱী আৰু প্ৰকৃতি জগতখন আলোকিত কৰিছে নিশাৰ আন্ধাৰ ভেদি। সেই আলোকতে সকলো নিমগ্ন হৈ নিজ নিজ লক্ষ্যৰ সমাপ্তিত। কবিয়ে সূক্ষ্মভাৱে এই কথা লক্ষ্য কৰিছে প্ৰকৃতি জগতখন। মানুহো প্ৰকৃতি জগতৰ অংগ। অন্যান্য উপাদানৰ নিচিনা মানুহো আন্ধাৰত আৱদ্ধ হৈ থাকে। মানুহৰ জীৱনৰ আন্ধাৰ বুলি কবলৈ হলে দুখ – যন্তণা প্ৰধান। সংসাৰৰ মায়া – মোহে সেইবোৰ দুগুনে বঢ়ায়। এই অন্ধকাৰৰ যন্ত্ৰণাৰ পৰা মুক্তি পাবলৈ সম্ভৱ কেৱল চিৰসুন্দৰৰ আৰাধনাৰ মাজেৰে। তেওঁ সকলো যন্ত্ৰণাৰ পৰা মুক্তি দিয়ে।

( গ ) মােহন কীচক বেণু অনাহত ছন্দে
গায় মহামহিমৰ গান ,
মােহ তন্দ্রালস তেজি উঠা ভক্তবৃন্দ !
সুন্দৰৰ কৰা ৰূপধ্যান ।

উত্তৰঃ
প্ৰসংগঃ উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত ৰঘুনাথ চৌধাৰীৰ `প্ৰশস্তি’ শীৰ্ষক কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
সংগতিঃ এই কবিতাফাঁকিৰ জৰিয়তে কবিয়ে নেদেখাজনৰ ৰূপ ধ্যান কৰিবলৈ সকলো এলাহ, অৱসাদ, মায়া – মোহ ত্যাগ কৰাৰ কথা কৈছে ।
বাখ্যাঃ কবিয়ে এই কবিতাটোত মূৰ্ত ৰূপৰ মাজেৰে বিমূৰ্ত ৰূপৰ কথা কৈছে। মানৱ জীৱন অস্হায়ী। মানুহ নিৰ্দিষ্ট সময়ৰ বাবেহে পৃথিৱীলৈ আহে। এই সময়ছোৱাত জাগতিক সৌন্দৰ্য্যৰ মায়া – মোহত এনেদৰে বান্ধ খাই থাকে যে জীৱনৰ আন কথাবোৰ পাহৰি পেলাই। কবিতাটোৰ মাজেৰে কবিয়ে কব খুজিছে যে জাগতিক সৌন্দৰ্যয়ো চিৰসুন্দৰকে ধিয়াই আছে। মানৱ জীৱন চিৰমুক্তি পথৰ যাত্ৰী। এই সংসাৰ দুদিনীয়া মায়া – মোহত বন্দী হৈ সেই কথা পাহৰা উচিত নহয়। মুক্তি প্ৰাপ্তি হে মানৱৰ ধ্যান। সেয়েহে এই কথা নাপাহৰি এলাহ, অৱসাদ আঁতৰাই প্ৰকৃতিৰ সৌন্দৰ্য্যৰ উপভোগৰ মাজতে চিৰসুন্দৰৰ আৰাধনা কৰাহে উচিত বুলি কবিয়ে ভাৱে।

ভাষা – বিষয়কঃ

১ । অর্থ লিখাঃ
কিশলয় , চিত্তহাৰী , অন্তৰীক্ষ , তন্দ্রালস ।
উত্তৰঃ কিলশয় – কোঁহ, কুঁহিপাত, তন্ত্ৰালস।
চিত্ৰহাৰী – মন-প্ৰাণ হৰি নিয়া।
অন্তৰীক্ষ – আকাশ।
তন্ত্ৰালস – ক্লান্ত, টোপনি যোৱা অৱস্থা।

২ । বাক্য ৰচনা কৰাঃ
দশােদিশ , উপেক্ষিত , জৰাজীর্ণ , অমৃত , মােহ ।
উত্তৰঃ দশোদিশ- পদুলিমুখৰ গোলাপজোপাৰ সুগন্ধই দশোদিশ আমোল মোলাই তুলিছে।
উপেক্ষিত – আগৰ দিনৰ স্ত্ৰীশিক্ষা সমাজত উপেক্ষিত হৈ ৰৈছিল।
জৰাজীৰ্ণ – ৰীমা জৰাজীৰ্ণ ঘৰত থাকিও উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান পাইছিল।
অমৃত – ভোকাতুৰ অৱস্থাত শুদা ভাতো অমৃত যেন লাগে।
মোহ- মিছা মোহৰ বন্দী হৈ আমি আনৰ অপকাৰ কৰা উচিত নহয়।

৩ । সমার্থক শব্দ লিখাঃ
তৰু , মুক্তি , সুমধুৰ , অভিযান , ধ্যানী ।

উত্তৰঃ তৰু – বৃক্ষ, গছ, উদ্ভিদ।
মুক্তি – মোক্ষ, নিৰ্বাণ, মুকলি।
সুমধুৰ – মধুৰত্ব, ঘুমিষ্ট, মৌ – সনা।
অভিমান – পৰিক্ৰমা, অনুসন্ধান, পৰিভ্ৰমণ।
ধ্যানী – মনস্বী, ধ্যাতা, কৃতধী।

অতিৰিক্ত প্ৰশ্নোত্তৰ
১ । অতি চমু প্ৰশ্নোত্তৰ

( ক ) ৰঘুনাথ চৌধাৰীৰ জন্ম ক’ত হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ ১৮৭৯ চনত নলবাৰী জিলাৰ মুকালমুৱাৰ ওচৰৰ লাউপাৰা গাঁৱত জন্ম হৈছিল।

( খ ) ৰঘুনাথ চৌধাৰীৰ পিতৃ আৰু মাতৃৰ নাম কি আছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীৰ পিতৃ নাম ভোলানাথ চৌধাৰী আৰু মাতৃৰ নাম দয়ালতা চৌধাৰী।

( গ ) ৰঘুনাথ চৌধাৰীৰ মৃতু কেতিয়া হৈছিল?
উত্তৰঃ ১৯৬৮ চনত মৃত্যু হৈছিল।

( ঘ ) কবিয়ে কিহে পৃথিৱীৰ দশেদিশ উদ্ভাসিত কৰা বুলি কৈছে?
উত্তৰঃ উষা অৰ্থাৎ পুৱাৰ সূৰুযৰ কুস্কুম ৰাগে দশোদিশ উদ্ভাসিত কৰা বুলি কৈছে।

( ঙ ) কবিয়ে কোনে ছন্দভৰা সুমধুৰ গান জোৰা বুলি কৈছে?
উত্তৰঃ কবিয়ে বনৰ চৰায়ে ছন্দভৰা সুমধুৰ তান জোৰা বুলি কৈছে।

( চ ) ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ কোনখন কবিতা পুথিত সন্নবিষ্ঠ কৰা হৈছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে প্ৰথমাৱস্থাত লিখা কবিতাসমূহ তেওঁৰ `সদৰী’ পুথিত সন্নিৱিষ্ট কৰা হৈছিল।

( ছ ) ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ কোনখন অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ৰঘুনাথ চৌধাৰীয়ে অসম সাহিত্য সভাৰ তেজপুৰ অধিবেশনত সভাপতিত্ব কৰিছিল।

( জ ) কবিয়ে ভক্তবৃন্দক মোহতন্দ্ৰনস ত্যাগ কৰি কিহৰ ৰূপ ধ্যান কৰিবলৈ কৈছে?
উত্তৰঃ কবিয়ে ভক্তবৃন্দক মোহ তন্দ্ৰালস ত্যাগ কৰি সুন্দৰৰ ৰূপৰে ধ্যান কৰিবলৈ কৈছে।

২ । প্ৰশস্তিৰ অৰ্থ কি? কবিয়ে কবিতাটোত কিহৰ প্ৰশস্তি গাইছে?
উত্তৰঃ প্ৰশস্তিৰ অৰ্থ আৰাধনা বা গুনানুকীৰ্তন কৰা। কবিয়ে কবিতাটোত প্ৰকৃতিৰ সুন্দৰতাৰ প্ৰশস্তি গাইছে।

class 10 Assamese question answer seba class 10 seba Assamese answers class 10 Assamese seba seba class 10 Assamese seba class 10 Assamese notes Assamese class 10 seba seba Assamese class 10 seba class 10 Assamese book pdf class 10 Assamese notes seba seba class 10 Assamese book seba class 10 Assamese book english medium class 10 Assamese book seba seba class 10 Assamese syllabus seba Assamese book class 1 seba class 10 Assamese solution seba Assamese class 10 solutions seba solutions for class 10 Assamese seba solutions for class 10 Assamese history class 10 seba Assamese book class 10 seba Assamese notes class 10 Assamese syllabus seba seba class 10 Assamese guide seba class 10 Assamese notes pdf seba Assamese class 10 history Assamese class 10 ncert solutions seba Assamese class 10 seba assamese Assamese class 10 seba question paper class 10 seba Assamese books class 10 Assamese notes for seba ncert solutions for class 10 Assamese seba seba board class 10 Assamese book seba book of class 10 Assamese seba book of class 10 Assamese in pdf seba class 10 Assamese mcq seba economics Assamese chapter 2 class 10 seba Assamese notes class 10 Assamese class 10 of seba Assamese class 10 seba board Assamese for class 10 seba history answers Assamese of class 10 seba question answer Assamese text book class 10 ncert seba syllabus of Assamese class 10 of seba syllabus of Assamese class 10 seba

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.