Class 10 Assamese Chapter 13: কানাইৰ চাতুৰী

Class 10 Assamese Chapter 13: কানাইৰ চাতুৰী

কানাইৰ চাতুৰী

শ্ৰীধৰ কন্দলী

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া :
( ক ) কৃষ্ণক টোপনিৰ পৰা জগাবলৈ কোনে আহি যশােদাক কৈছিল ?

উত্তৰঃ কৃষ্ণক টোপনিৰ পৰা জগাবলৈ গােপশিশুসকলে আহি যশােদাক কৈছিল ।

( খ ) কৃষ্ণই কিমান দিন টোপনিৰ পৰা নুঠাকৈ আৰু নােখাৱাকৈ থাকিব বুলি মাকক জনাইছিল ?

উত্তৰঃ কৃষ্ণই চাৰি -পাঁচ দিন একেবাহে শুই থাকিব নােখােৱা নােবােৱাকৈ গৰু চৰাবলৈকো নাযায় বুলি মাক যশোদাক জনাইছিল ।

( গ ) দেৱতাসকলক অমৃত খুৱাবলৈ কৃষই কি ৰূপ ধাৰণ কৰিছিল ?

উত্তৰঃ দেৱতাসকলক অমৃত খুৱাবলৈ কৃষই মােহিনীৰূপ ধাৰণ কৰিছিল ।

( ঘ ) কঁপিল মুনিৰ মাতৃ কোন আছিল ?

উত্তৰঃ কঁপিল মুনিৰ মাতৃ দেৱহুতি আছিল ।

( ঙ ) কি ৰূপ ধাৰণ কবি কৃষ্ণই বলিক ছলনা কৰিছিল ?

উত্তৰঃ বামন ৰূপ ধাৰণ কৰি কৃষ্ণই বলিক ছলনা কৰিছিল ।

প্রশ্ন ২। তথাপি তােহােক দেখন্তে ডৰত

উৰি যায় মােৰ জীউ ।’

এই কথাষাৰ কাৰ উক্তি ? কাক দেখি কিয় তেওঁৰ ভয়তে জীউ উৰি যায় বুজাই লিখা ।
উত্তৰঃ এই কথাষাৰ শিশু শ্ৰীকৃষ্ণৰ উক্তি । কৃষই আত্ম পৰিচয় প্রদান কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ আৰু জগতৰ মূল কাৰণ । আনহাতে যশােদা গােৱালৰ জীয়াৰী । তথাপিও মাতৃক দেখাৰ লগে লগেই কৃষ্ণৰ জীৱ উৰি যায় । কৃষ্ণই যিমানেই খােৱা – বােৱা নকৰক কিয় , তেওঁৰ অলপাে শ্রীবৃদ্ধি নহয় ।

মাক যশােদাৰ কৃষ্ণৰ প্ৰতি থকা মৰমৰ অভাৱেই তাৰ ঘাই কাৰণ । মাকে কৃষ্ণক ভালদৰে শুবলৈয়াে নিদিয়ে বুলি মিছা তাভিযোগ কৰি ৰাতিপুৱা বহু সময়লৈকে শােৱাপাটীত টোপনিৰ ভাও ধৰি শুই আছিল ।

প্রশ্ন ৩। ‘মােহিনী স্বৰূপে অমৃত পিয়ালোঁ

সাধিলাে দেৱৰ কাম ।’

কোনে মােহিনী ৰূপ ধাৰণ কৰিছিল ? তেওঁ কাক অমৃত খুৱাই দেৱতাৰ কার্য সাধন কৰিছিল ? খৰচি মাৰি লিখা ।
উত্তৰঃ কৃষ্ণই মােহিনী ৰূপ ধাৰণ কৰিছিল । তেওঁ দেৱতাসকলক অমৃত খুৱাই অমৰত্ব প্রদান কৰিছিল । এই অমৃত লাভৰ বাৱে দেৱতা আৰু অসুৰ সকলাে মিলি সাগৰ মন্থন কৰিছিল যদিও মােহিনী ৰূপেৰে অসুক মােহজালত পেলাই দেৱতাক অমৃত পানৰ সুযােগ দিয়া হৈছিল ।

প্রশ্ন ৪। মাকৰ কি গুণৰ কথা ক’বলৈ শিশু কৃষ্ণৰ লাজ লাগে বুলি কৈছিল ? কথাখিনি তােমাৰ নিজৰ কথাৰে বহলাই লিখা ।
উত্তৰঃ যশােদাক নগৰবাসীয়ে কাঠবাজী বুলি হাঁহিছিল যদিও কৃষ্ণই তেওঁৰ ঘৰত পুত্রৰূপে আহি সেই দুখ দূৰ কৰিলে । তথাপিও যশােদাৰ প্রতি কৃষ্ণৰ মৰম নাই । সেয়ে কৃষ্ণই মাকৰ গুণৰ কথা ক’বলৈ লাজ লাগে বুলি কৈছিল ।

যশোদা গােৱালৰ ৰজা নন্দৰ ৰাণী হৈয়াে কৃষক ছয় ৰতি সােণ খৰচ কৰি এটা সােণৰ বাঁহী তৈয়াৰ কৰি নিদি বাঁহৰ বাঁহী বজাবলৈ দিয়াৰ ফলত দুই ওঁঠ ফাটি তেজ বৈ গৈছে । এনেদৰে সাঁচোতে , গাঁতত পােতােতে ধনত জুই লাগিব । গৰু চৰাবলৈ যাওঁতে পেট ভৰাই খাবলৈ প্রয়ােজনীয় অন্নমুঠিও যশােদাই নিদিয়ে ।

এগৰাহ খাই পিছৰ গৰাহ খাবলৈ নােজোৰাৰ বাবে কৃষ্ণই আধাপেটি হৈ কটাবলগীয়া হয় । গৰু চৰাওঁতে কাঁইটে বিন্ধি তেওঁক নগুৰনাকটি কৰে । কঠিন ৰ’দতাে নটুৱা সাজ পিন্ধি গৰু চৰাই ফুৰিব লাগে । কেঁকোৰা চুলিবোৰত ধূলি পৰি কুকুহা পৰি যায় , বহুদিন তেল নসনাব বাবে চুলিত জঁটা বান্ধিছে ।

গতিকে কৃষ্ণই বৃন্দাবন এৰি মথুৰালৈ গুচি যাব আৰু যশােদাই পুত্রশােকত কান্দি মৰিব লাগিব । এনেদৰেই কৃষ্ণই যশােদাৰ হৃদয়হীন অন্তৰৰ স্বৰূপ প্ৰকাশ কৰিছে ।

প্রশ্ন ৫। চমুটোকা লিখা
বামন , দেবহুতি , কপিল , শ্ৰীধৰ কন্দলি , দৈৱকী ।

উত্তৰঃ বামন :- বিষ্ণুৰ পঞ্চম অৱতাৰ । বিষ্ণুৱে বাওনা মানুহৰ ৰূপ লৈ এই অৱতাৰ ধাৰণ কৰিছিল । এওঁ দৈত্যৰাজ বলিৰ যজ্ঞলৈ আহি তিনিপদ ভূমি বিচৰা ছলেৰে তেওঁক পাতাললৈ পঠাইছিল । অর্থাৎ দান কৰাৰ বাবে বলিৰ অহংকাৰ নাশ কৰিছিল ।

দেবহুতি :- স্বয়ম্ভুৱ মুনিৰ কন্যা । এওঁ কপিল মুনিৰ মাতৃ । মাতৃ দেৱহুতিয়ে কপিলৰ পৰা সাংখ্য দর্শন সম্পর্কে শ্ৰৱণ কৰিছিল ।

কপিল :- কপিল এজন প্রসিদ্ধ মুনি । এওঁ সাংখ্য দর্শন প্রবর্তক । কদম মুনি আৰু স্বয়ম্ভুৱ মুনিৰ কন্যা দেৱহুতিৰ পুত্র । এওঁৰ শাপত সৰগ বজাৰ ষাঠী হাজাৰ পুত্র ভস্মীভূত হয় । এওঁক বিষ্ণুৰ আন এক অৱতাৰ বুলিও ধৰা হয় ।

শ্ৰীধৰ কন্দলি :- শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী বৈষ্ণৱ কবি । এওঁৰ কাব্যত বৈষ্ণৱ প্রভাৱ সুস্পষ্ট । কন্দলিয়ে ‘কাণখােৱা’ আৰু ‘ঘুনুচা’ কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে । কাণখােৱা পুথিখন নিচুকণি গীতৰ আৰ্হিত ৰচনা কৰা ।

প্রশ্ন ৬। পাঠটিৰ কাহিনীভাগ তােমাৰ নিজৰ কথাৰে লিখা ।
উত্তৰঃ কানাইৰ চাতুৰী পাঠটিত শ্ৰীকৃষ্ণৰ শিশুসুলভ চাতুৰী প্রদর্শন কৰা হৈছে । এদিনাখন কৃষ্ণই ছল কৰি বেলি দুপৰীয়ালৈকে শুই থকাত তেওঁক বিচাৰি নন্দৰজাৰ ঘৰত গােপশিশুসকল উপস্থিত হয় আৰু মাতৃ যশােদাৰ ওচৰত তেওঁলােকৰ খেলৰ লগৰীয়া কৃষ্ণক বিচাৰি তেওঁক সােনকালে টোপনিৰ পৰা জগাই দিবলৈ অনুৰােধ কৰে ।

যশােদাই কৃষ্ণক জগাবৰ কাৰণে নানা ধৰণৰ তােষামােদ কৰিলে যদিও একোতে সৈমান নােহােৱা শিশু কৃষ্ণই অভিমান কৰি ক’লে যে তেওঁৰ মুখত পুত্র নামটো শােভা নাপায় । তেওঁ বৰঞ্চ নাখাই শুই শুইয়ে কটাব , আনকি গৰু চৰাবলৈয়াে নাযায় ।

কৃষ্ণই লগতে নিজৰ পৰাম পুৰুষত্বৰ ইংগিত দি ক’লে যে তেওঁ স্বয়ং নাৰায়ণ আৰু যশোদা এগৰাকী সাধাৰণ গােৱালৰ জীয়াৰী । মই যিমান খাই শুই থাকিলেও শৰীৰৰ শ্রীবৃদ্ধি নহয় । নিজে ব্রহ্মাণ্ডৰ স্রষ্টা আৰু প্রতিপালক হৈয়াে মই তােমাৰ ঘৰত গৰু চৰায় কৰকৰা ভাত ভক্ষণ কৰি সাধাৰণ শিশুৰ দৰে জীৱন অতিবাহিত কৰিছোঁ ।

নাৰায়ণৰূপে মই জলত অনন্ত শয্যাত শয়ন কৰোঁ , মােৰ নাভিপদ্মৰ পৰাই ব্রহ্মা জাত হৈছে । মানুহৰ অজ্ঞানতা দূৰ কৰিবৰ কাৰণে ময়েই ব্ৰহ্মৰ যােগেদি বেদৰ জ্ঞান জনসমাজত প্ৰচাৰ কৰালাে । তােমাৰ ঘৰলৈ আহি মােৰ সকলাে ঐশ্বর্য ধূলিত পৰিণত হ’ল । দেৱতাসকলে অসুৰৰ ভয়ত মােক চিন্তা কৰাত মােৰ চতুর্ভুজ ৰূপ দেখি ত্রিদশৰ সকলাে মােহিত হৈছিল । এতিয়া তুমি মােক কলীয়া কলীয়া বুলি মাতি অপমান কৰিছা ।

মােহিনী ৰূপ ধাৰণ কৰি দেৱতাৰ মংগল সাধন কৰা মােক তুমি দধিচোৰ নামহে দিলা । কপিল অৱতাৰত মাতৃ দেৱহুতিক ধৰ্মৰ তত্ত্ব উপদেশ দি , বামণ অবতাৰত মই বলিক ছলনা কৰিছিলোঁ । কিন্তু , তুমি মােক মাটিখােৱা বুলি ককৰ্থনাহে কৰিলা । মােৰ ইমানবােৰ মহিমা দেখাৰ পাছতাে তােমাৰ মনত আক্রোশৰ শেষ নাই ।

ইমান দিনে কাঠবাজী বুলি সমস্ত জগতে তােমাক হাঁহিলে । মই পুত্রৰূপে উপজি তােমাৰ সেই দুখ দূৰ কৰিলোঁ । তথাপিও তুমি মােৰ মৰম নুবুজিলা । ৰাজপটেশ্বৰী হৈয়াে তুমি ছয়ৰতি খৰচ কৰি মােক এটা সােণৰ বাঁহী বনাই দিব নােৱাৰিলা । বাঁহৰ বাঁহী বজাই মােৰ দুই ওঁঠ ফাটি গৈছে , তালৈ

তােমাৰ ভ্ৰূক্ষেপ নাই । তুমি এনেদৰে কাৰবাবে ধনবােৰ সাঁচি থৈছা ? এনেকৈ সাঁচোতে সাঁচোতে তােমাৰ ধনত জুই লাগিব । গৰু চৰাবলৈ যাওঁতে মই ডােক গুচাই ভাত খাবলৈ নাপাওঁ । দিনৰ দিনটো গৰুৰ পিছে পিছে দৌৰােতে দৌৰােতে মােৰ অৱস্থা নােহােৱা হয় ।

গৰু চৰাওঁতে ধূলি লাগি মােৰ কেঁকোৰা চুলিত জট বান্ধে । কিমান দিন যে মূৰত তেল সানিবলৈ আহৰি পােৱা নাই । এইবােৰ কথা ক’বলৈ গ’লে মােৰ চকুলাে নিগৰি পৰে । ইমানবােৰ দুখ – কষ্ট সহ্য কৰিব নােৱাৰি মই বৃন্দাবন এৰি মথুৰালৈ গুচি যামগৈ । তােমাৰ কাষৰ পৰা গৈ মই দৈৱকী আইৰ ওচৰ পামগৈ ।

তেতিয়াহে তুমি মােৰ মৰম বুজি পাবা । কৃষ্ণৰ কথা শুনি যশােদাই পুনৰ কৃষ্ণক তােষামােদ কৰিবলৈ ধৰিলে আৰু ক’লে যশােদাৰ বৰ ভুল হৈছে । গতিকে আজিৰ পিছত যদি এনে দোষ দেখে তেন্তে কৃষ্ণই মাকক গালি পাৰিব । মাকৰ কাতৰভৰা কথা শুনি কৃষ্ণই একে দেৱে গৈ মাকৰ কোলাত উঠি স্তনপান কৰিবলৈ ধৰিলে । যশােদায়াে কৃষ্ণৰ মুখলৈ চাই পৰম শান্তি পালে ।

প্রশ্ন ৭৷ কৃষ্ণই বিভিন্ন সময়ত কি কি অৱতাৰ ধাৰণ কৰি কেনে কার্য সাধন কৰিছিল , পাঠৰ আলমত বর্ণনা কৰা ।
উত্তৰঃ কানাইৰ চাতুৰী পাঠটোত শিশুকৃষ্ণৰ শিশুসুলভ চাতুৰী আৰু কৌশলৰ বর্ণনা দাঙি ধৰা হৈছে ।

শ্রীকৃষ্ণই নিজেই অনন্তব্ৰহ্মাণ্ডৰ স্রষ্টা , পালন কৰোঁতা। ব্রহ্মাদি দেৱতাসকল তেওঁৰেই সৃষ্টি । নাৰায়ণৰূপে তেওঁ অনন্ত শয্যাত জলত শয়ন কৰে আৰু তেওঁৰ নাভিপদ্মৰ পৰাই ব্রহ্মা জাত হৈছে । তেওঁ মােহিনী ৰূপ ধাৰণ কৰি সাগৰ মন্থনৰ যােগেদি সংগৃহীত অমৃত পানেৰে দেৱতাসকলক অমৰত্ব প্রদান কৰি দেৱতাৰ কাম সিদ্ধি কৰিছিল।কপিল অৱতৰণত কর্দম মুনিৰ ঘৰত মাতৃ দেৱহুতিক শাস্ত্ৰৰ তত্ত্বজ্ঞান প্রদান কৰিছিল।

বামণ অৱতাৰত তিনিপদ ভূমি বিচাৰি বলিক ছলনা কৰি পাতালপুৰীলৈ পঠাইছিল । এতিয়া কৃষ্ণ অৱতাৰ ধাৰণ কৰি পুন্দাবনত গৰু চৰাইছে যদিও কৃষ্ণৰ পৰম – পুৰুষত্ব সম্পর্কে জ্ঞাত নােহােৱা বাবেই মাতৃ যশােদাই কৃষ্ণক এটি সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰে ।

এনেদৰে কৃষ্ণই বিভিন্ন অৱতাৰ গ্ৰহণ কৰি কেনেধৰণৰ লীলাকর্ম সম্পন্ন কৰিছিল , সেইবিষয়ে কবিয়ে প্রসংগৰূপে সুন্দৰ বৰ্ণনা দাঙি ধৰিছে ।

‘মোহিনী স্বৰূপে অমৃত পিয়ালাে

সাধিলাে দেৱৰ কাম ।

তােমাৰ ঘৰে আসি বৰ যশ পাইলাে

লৈলাে দধিচোৰ নাম ।।’

কপিল স্বৰূপে কদৰ্মৰ ঘৰে

হুয়া মই অৱতাৰ ।

দেৱহুতি নামে মাতৃক তাৰিলোঁ

কৰিও তত্ত্ব বিচাৰ ।।

বামন স্বৰূপে বলিক ছলিয়ে

বিশ্বৰূপ দশাইলাে । ইত্যাদি ।

প্রশ্ন ৯। কতিবাটোত ‘কাঠবাজী’ বুলি কাক কৈছে ? ইয়াৰ অর্থ কি ? এই অপবাদৰ পৰা তেওঁক কোনে ৰক্ষা কৰিলে ?
উত্তৰঃ কবিতাটোত কাঠবাজী বুলি যশােদাক কোৱা হৈছে । ‘সন্তানহীন’ তিৰােতাক কাঠবাজী বুলি কোৱা হয় । শ্রীকৃষ্ণই পুত্ৰৰূপে যশােদাৰ সেই অপবাদ দূৰ কৰিছিল । কবিয়ে । উল্লেখ কৰিছে –

‘কাঠবাজী বুলি জগতে হাসয়

দেখিলে সুমৰে হৰি ।

মই আসি তােৰ ঘৰে পুত্ৰ ভৈলাে

সিটো দুখ দূৰ কৰি ।
প্রশ্ন ৯। তাৎপর্য ব্যাখ্যা কৰা :
(ক) কাঠবাজী বুলি জগতে হাসয়

দেখিলে সুমৰো হৰি ।

মই আসি তােৰ ঘৰে পুত্ৰ ভৈলাে

সিটো দুখ দূৰ কৰি ।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘ কানাইৰ চাতুৰী ’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

যশােদা নিঃসন্তান আছিল বাবেই তেওঁক সমাজত কাঠবাজী বুলি নিন্দা কৰা হৈছিল । কৃষ্ণই পুত্ৰৰূপে আহি তেওঁৰ সেই অপবাদ দূৰ কৰিলেহি । কিন্তু , যশােদাই কৃষ্ণৰ প্রকৃত স্বৰূপ বুজিব নােৱাৰি তেওঁক সাধাৰণ শিশুৰ দৰেই ব্যৱহাৰ কৰাত শ্ৰীকৃষ্ণই কোপিত হৈ মাকক তেনেদৰে কঠোৰভাৱে সমালােচনা কৰিছিল ।

যশােদাৰ মাতৃ কামনা পূৰণৰ বাবেই যদিও কৃষ্ণই তেওঁৰ ভক্তিত সন্তুষ্ট হৈ পুত্ৰৰূপে জাগতিক লীলা সম্পাদন কৰিছেহি , আচলতে তেওঁ পৰমপুৰুষ পুৰুষােত্তম । সেই কথা উপলব্ধি কৰিব নােৱাৰি পুত্ৰজ্ঞান কৰি যশােদাই যি ব্যৱহাৰ কৃষ্ণৰ প্রতি প্রদর্শন কৰিছে , তাত তেওঁ অতিশয় অসন্তুষ্ট , সেয়ে তেওঁ মাকক তেনেদৰে সমালােচনা কৰিছে ।

(খ) ‘ মােহিনী স্বৰূপে অমৃত পিয়ালোঁ

সাধিলাে দেৱৰ কাম ।

তােমাৰ ঘৰে আসি বৰ যশ পাইলো

লৈলাে দধিচোৰ নাম ।।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘ ‘কানাইৰ চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

মাতৃ যশােদাই শ্রীকৃষ্ণক পুত্রজ্ঞান কৰি নানা ধৰণৰ কঠোৰ শাস্তি বিহা আৰু তেওঁৰ প্রতি যথােচিত চেনেহ প্রদর্শন নকৰা বুলি অভিযােগ কৰি শ্ৰীকৃষ্ণই নিজৰ পৰম পুৰুষত্বৰ কথা ঘােষণা কৰিছে আৰু বিভিন্ন অৱতাৰ গ্ৰহণৰ যােগেদি তেওঁ সমাধা কৰা বিভিন্ন লীলা – মাহাত্মৰ সোঁৱৰণ কৰিছে ।

দেৱতা আৰু অসুৰৰ মাজত মীমাংসা কৰিবৰ কাৰণে সাগৰ মন্থনত উদ্ভৱ হােৱা অমৃত দেৱতাক ভােগ কৰাই মােহিনী বেশেৰে অসুৰসকলক আকর্ষণ কৰি তেওঁলােকক অমৃত ভােগৰ পৰা বঞ্চিত কৰাত সফল হৈছিল । দেৱতাৰ কর্ম সাধনৰ কাৰণেই তেওঁ মােহিনী অৱতাৰ ধাৰণ কৰিছিল ।

কিন্তু , ইমানবােৰ লীলা প্রদর্শন কৰাৰ পিছতাে যশােদাৰ ঘৰত আহি তেওঁৰ গুণানুকীৰ্তনৰ পৰিৱর্তে ‘লৱণুচোৰ’ নামহে ল’বলগীয়া হ’ল।ইয়াতকৈ দুর্ভাগ্যৰ কথা কি হ’ব পাৰে ?

(গ) ‘মই নাৰায়ণ জগত কাৰণ
তুমি গােৱালৰ-জীউ
তথাপি তােহাক দেখম্ভে ডৰত
উৰি যায় মােৰ জীউ ।’

উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত শ্ৰীধৰ কন্দলি বিৰচিত ‘কানাইৰ চাতুৰী’ শীর্ষক কবিতাটিৰ পৰা তুলি দিয়া হৈছে ।

শ্রীকৃষ্ণই মাতৃ যশােদাৰ মনুষ্য ভাৱনাত অসন্তুষ্টি প্রকাশ কৰি কৈছে যে তেওঁ নিজেই নাৰায়ণ , জগতৰ আদি কাৰণ । তেওঁ সৃষ্টি – স্থিতি প্রলয়ৰ মূল গৰাকী । অথচ তেওঁৰ স্বৰূপ উপলব্ধি নকৰি এগৰাকী সাধাৰণ গােৱালৰ জীয়াৰী হিচাপে যশােদাই কৃষ্ণৰ প্ৰতি যি আচৰণ কৰিছে , সেয়া সঁচাই দুখজনক ।

যশােদাই কৃষ্ণক ভালদৰে খাবলৈ পিন্ধিবলৈতাে নিদিয়েই আনকি প্রচুৰ ধন সম্পদ থকা সত্ত্বেও তেওঁক ভালদৰে বাঁহী এটাও তৈয়াৰ কৰি নিদিয়ে । কৃষ্ণই এটা সােণৰ বাঁহী বিচাৰে , যদিও যশােদাই যােগাৰ নধৰাত বাঁহৰ বাঁহী বজাই তেওঁৰ ওঁঠ ফাটি যােৱাৰ উপক্ৰম হৈছে ।

প্রশ্ন ১১। তলত দিয়া শব্দবােৰৰ আধুনিক ৰূপ লিখা ।
আসি , খেড়ি , পুহাইল , নুজুৰাই , হন্তে , বিশুটিয়া
উত্তৰঃ
আসি – আহি ।
খেড়ি – খেলা ।
পুহাইল – পুৱালে ।
নুজুৰাই – জুৰ নপৰে ।
হন্তে – পৰা ।
বিগুটিয়া – ঠাট্টা কৰা ।

প্রশ্ন ১২। তলত দিয়া শব্দকেইটাৰ লিংগ পৰিৱৰ্তন কৰা ।
সুন্দৰী , মাতৃ , মামা
উত্তৰঃ
সুন্দৰী – সুন্দৰ ।
মাতৃ – পিতৃ ।
মামা – মামী ।

প্রশ্ন ১৩। বিপৰীত শব্দ লিখা ।
বিশ্বাস , দোষ , আনন্দ , অপমান , অমৃত , ৰজনী , নিদ্রা , শয়ন , ক্রন্দন
উত্তৰঃ
বিশ্বাস – অবিশ্বাস
দোষ – গুণ
আনন্দ – বিষাদ
অপমান – মান
অমৃত – বিষ
ৰজনী – প্ৰভাত
নিদ্রা – জাগ্রত
শয়ন – জাগ্ৰত
ক্রন্দন – হাঁহি

class 10 Assamese question answer seba class 10 seba Assamese answers class 10 Assamese seba seba class 10 Assamese seba class 10 Assamese notes Assamese class 10 seba seba Assamese class 10 seba class 10 Assamese book pdf class 10 Assamese notes seba seba class 10 Assamese book seba class 10 Assamese book english medium class 10 Assamese book seba seba class 10 Assamese syllabus seba Assamese book class 1 seba class 10 Assamese solution seba Assamese class 10 solutions seba solutions for class 10 Assamese seba solutions for class 10 Assamese history class 10 seba Assamese book class 10 seba Assamese notes class 10 Assamese syllabus seba seba class 10 Assamese guide seba class 10 Assamese notes pdf seba Assamese class 10 history Assamese class 10 ncert solutions seba Assamese class 10 seba assamese Assamese class 10 seba question paper class 10 seba Assamese books class 10 Assamese notes for seba ncert solutions for class 10 Assamese seba seba board class 10 Assamese book seba book of class 10 Assamese seba book of class 10 Assamese in pdf seba class 10 Assamese mcq seba economics Assamese chapter 2 class 10 seba Assamese notes class 10 Assamese class 10 of seba Assamese class 10 seba board Assamese for class 10 seba history answers Assamese of class 10 seba question answer Assamese text book class 10 ncert seba syllabus of Assamese class 10 of seba syllabus of Assamese class 10 seba

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.